শেহতীয়া খবৰ
Home / আঞ্চলিক / কংগ্ৰেছে কথা কৈ ভাল পায়,বিজেপিয়ে কাম কৰি দেখুৱায়,কথাৰে নহয় বন্ধু,কামেৰে পৰিচয় দিয়াঃমুখ্যমন্ত্ৰী

কংগ্ৰেছে কথা কৈ ভাল পায়,বিজেপিয়ে কাম কৰি দেখুৱায়,কথাৰে নহয় বন্ধু,কামেৰে পৰিচয় দিয়াঃমুখ্যমন্ত্ৰী

সুদীৰ্ঘ সাতত্ৰিশ বছৰে পৰিত্যক্ত ৰূপসী বিমানবন্দৰ পুণৰ নিৰ্মাণ আৰু বিকাশৰ শিলান্যাস মুখ্যমন্ত্ৰী সৰ্বানন্দৰ ।
কংগ্ৰেছে কথা কৈ ভাল পায়,বিজেপিয়ে কাম কৰি দেখুৱায়,কথাৰে নহয় বন্ধু,কামেৰে পৰিচয় দিয়াঃমুখ্যমন্ত্ৰী
২০১৯ত বিজেপিয়ে অসমত ১২ খন,বিপিএফ আৰু কংগ্ৰেছে এখনকৈ লোকসভাৰ আসন লাভ কৰিব:হাগ্ৰামাৰ ভৱিষ্যৎবাণী

কোকৰাঝাৰ, ২২ ফেব্ৰুৱাৰী:- ১৯৬২ চনত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত সৈনিকৰ সুবিধাৰ বাবে কোকৰাঝাৰ জিলাৰ ৰুপসীত নিৰ্মান কৰা এছিয়া মহাদেশৰ ভিতৰত দ্বিতীয় সৰ্ববৃহৎ ৰূপচী বিমানবন্দৰটো বিগত ৩৭ বছৰ ধৰি পৰিত্যক্ত আৰু অকাৰ্যক্ষম হৈ থকাৰ পিচত আজি কোকৰাঝাৰ জিলাবাসী ৰাইজৰ লগতে ধুবুৰী,গোৱালপাৰা,বঙাইগাওঁ জিলা তথা সমগ্ৰ নামনি অসমবাসী ৰাইজক দীৰ্ঘ বছৰীয়া সপোন আৰু আশাক বাস্তবায়িত কৰাৰ মহান লক্ষ্যৰে ৰূপচী বিমানবন্দৰ পুণৰ কাৰ্যক্ষম কৰা তথা উন্নয়নৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শিলান্যাস কৰে । শিলান্যাসৰ পিচত মুখ্যমন্ত্ৰীয়ে আজিৰ দিনটো কোকৰাঝাৰ জিলাৰ পৰ্বতঝৰা মহকুমা,বিটিচিবাসী ৰাইজ আৰু নামনি অসমৰ বাবে এটা ঐতিহাসিক দিন বুলি অভিহিত
কৰি যাতায়ত আৰু যোগাযোগ ব্যৱস্থা উন্নত নহলে সমাজ এখন আগবাঢ়ি যাব নোৱাৰে বুলি জানিব দি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এইক্ষেত্ৰত শক্তিশালী ভূমিকা গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে । পূৰ্বতে কংগ্ৰেছৰ দূৰ্নীতিৰ বাবেই দেশৰ অৰ্থনীতি দূৰ্বল হোৱা বুলি উল্লেখ কৰি বিজেপি চৰকাৰ অহাৰ পিচতে প্ৰকৃত গণতন্ত্ৰ আৰম্ভ হোৱা বুলি দাবী কৰে ।মুখ্যমন্ত্ৰীৰ মতে দেশ স্বাধীন হোৱাৰ পিচত অধিককালৰ বাবে চৰকাৰ গঠন কৰা কংগ্ৰেছৰ সদ্দিচ্ছাৰ অভাৱৰ বাবেই অসমসহ উত্তৰ পূৰ্বাঞ্চল দেশৰ আন অঞ্চলৰ তুলনাত উন্নয়ণৰ দিশত পিচ পৰি ৰ’ল৷কিন্তু বৰ্তমান কেন্দ্ৰত বিজেপি চৰকাৰে চাৰি বছৰ ন মাহ আৰু দিশপুৰত মাথোঁ দুবছৰ দুমাহত প্ৰকৃত উন্নয়ণমুলক কাম-কাজ সফলভাৱে ৰুপায়ণ কৰিছে৷কংগ্ৰেছৰ কামেই হ’ল দূৰ্নীতি , ভ্ৰষ্টাচাৰ আৰু মিছা কথাৰে জনগণক প্ৰতাৰণা কৰা বুলি কংগ্ৰেছক কঠোৰ ভাষাৰে সমালোচনা কৰি অসমৰ প্ৰাক্তন কংগ্ৰেছী মুখ্যমন্ত্ৰী তৰুণ গগৈক আক্ৰমণৰ লক্ষ্য কৰি লৈ কংগ্ৰছে কথা কৈ ভাল পায় ৷কথা কোৱায়েই তেওঁলোকৰ কাম বুলি উল্লেখ কৰি কথাৰ সলনি কামেৰে নিজৰ পৰিচয় দিবলৈ আহ্বান জনয়া৷আনপিনে ৰাজ্যত দলং , ৰাস্তা ঘাট নিৰ্মানৰ বাবেও পূৰ্বতে আন্দোলন কৰা হৈছিল যদিও বিজেপি চৰকাৰ অহাৰ পিচতে পৰিৱেশ সম্পূৰ্ণ হ’ল । ধুবুৰীতে এছিয়াৰ ভিতৰতে দীৰ্ঘতম দলং স্থাপন হব বুলি ঘোষণা কৰি অহা ছেপ্টেম্বৰৰ পৰাই ৰূপসীৰ পৰা উৰাজাহাজ চলিব বুলি উল্লেখ কৰি ভাৰতৰ ভিতৰতে ৰূপসী বিমানবন্দৰ সেউজীয়া প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিবেষ্টিত সুন্দৰ হব বুলি ভাষণত উল্লেখ কৰে । শান্তি সম্প্ৰীতিয়ে উন্নয়ন আনে বুলি মন্তব্যৰে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীক প্ৰশংসা কৰে । কংগ্ৰেছৰ দূৰ্নীতি ভ্ৰষ্টাচাৰৰ বাবেই অসম পিচপৰি আছিল বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে দূৰ্নীতিৰ বিৰুদ্ধে অভিযান চলাই বিজেপিয়ে ৰাজ্যত উল্লেখনীয় পৰিবৰ্তন আনিছে আৰু এতিয়া স্বচ্ছ আৰু নিকা পদ্ধতিৰে ৰাজ্যত কমেও ৫৫ হাজাৰ যুৱক- যুৱতীয়ে চৰকাৰী খণ্ডত নিযুক্তি পাইছে । পেন্সন আঁচনিৰ অধীনত ৬০ বছৰৰ ওপৰৰ ব্যাক্তিয়ে পেন্সন লাভ কৰিব আৰু ৫২ লাখ পৰিয়ালক তিনি টকাৰ পৰিবৰ্তে এটকাত চাউল দিয়া হব বুলি ঘোষণা কৰে । খেতিৰ উৎপাদন দুগুন বৃদ্ধিৰ বাবে চৰকাৰে যথেষ্ট পৰিকল্পনা হাতত লোৱা হৈছে বুলিও মন্তব্য কৰে ।
ইপিনে নিজ ভাষণত হাগ্ৰামা মহিলাৰীয়ে কয় যে ৰূপসী বিমান বন্দৰ পুণৰ কাৰ্যক্ষম কৰাৰ বাবে কংগ্ৰেছ চৰকাৰক বহুবাৰ অনুৰোধ জনাইছিল যদিও কোনো গুৰুত্ব নিদিলে । সৰ্বানন্দ সোণোৱালে গুৰুত্বসহকাৰে লৈ বড়ো চুক্তিৰ দফাটো পুৰণ কৰিলে । বিজেপি চৰকাৰে ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি সকলোতে উন্নয়ন সাধন কৰিছে যদিও কংগ্ৰেছ চৰকাৰ দিনত তুলনামুলকভাৱে উন্নয়ন কম হৈছিল ।২০১৯ চ অনুষ্ঠিত হব লগীয়া সংসদীয় নিৰ্বাচনত অসমৰ ১৪ খন আসনৰ ভিতৰত বিজেপি ১২ , কংগ্ৰেছ ১ আৰু বিপিএফে এখন আসন পাব বুলি মন্তব্য কৰি অগপ গল , বিজেপি -বিপিএফ এতিয়াও আছে বুলি তাপপৰ্যপূৰ্ণ মন্তব্য কৰে । কেন্দ্ৰত ছয় জনগোষ্ঠীক জনজাতিকৰণৰ কৰাৰ বিপিএফৰ কোনো আপত্তি নাই বুলিও মন্তব্য কৰে । ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক কাৰ্যকাৰী পৰিচালন সঞ্চালক ডিকে কামৰাই আদৰণি ভাষণ প্ৰদান কৰা এই বিশেষ অনুষ্ঠানৰ পূৰ্বে দেশৰ অসামৰিক বিমান পৰিৱহন বিভাগৰ মন্ত্ৰী সুৰেশ প্ৰভূয়ে ভিডিঅ লিংকযোগে ৰূপসী বিমান বন্দৰ পুনৰ উজ্জীৱিতকৰণ আৰু বিকাশ সম্পৰ্কে অসমবাসী,বিটিচিবাসী ৰাইজৰ লগতে মুখ্যমন্ত্ৰীলৈ বৰাক-ব্ৰহ্মপুত্ৰ ,সুধাকন্ঠ ডা°ভূপেন হাজৰিকাৰ নাম শ্ৰদ্ধাৰে উচ্চাৰণ কৰি শুভেচ্ছা জ্ঞাপন কৰে৷ প্ৰায় ১১৪০ বিঘা ভূখন্ডত ১ .৮ কিলোমিটাৰ দৈৰ্ঘৰ ৰাণৱেযুক্ত ৰুপসী বিমান বন্দৰটো প্ৰায় ৭০ কোটি টকা ব্যয় সাপেক্ষে পুনৰ উজ্জীৱিতকৰণ তথা বিকাশৰ লক্ষ্য স্থিৰ কৰা হৈছে৷উল্লেখ্য যে শিলান্যাস অনুষ্ঠানত মুখ্যমন্ত্ৰী,বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী,পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্ম,ৰাজ্য চৰকাৰৰ প্ৰধান সচিৱ বিশ্ব ৰঞ্জন শ্যামল,বিটিচিৰ মুখ্য সচিৱ বীৰেন চন্দ্ৰ ফুকন, বিলাসীপাৰা পূৱ, গৌৰীপুৰ, গোলকগঞ্জ, ধুবুৰী আৰু গোসাইগাওঁৰ বিধায়ক ক্ৰমে অশোক কুমাৰ সিংহী,মিজানুৰ ৰহমান,অশ্বিসী ৰায় সৰকাৰ,নজৰুল হক, মাজেন্দ্ৰ নাথ নাৰ্জাৰীসহ পৰ্বতঝৰা, কোকৰাঝাৰ, গৌৰীপুৰ,ধুবুৰী,গোলকগঞ্জ আৰু বিলাসীপাৰাৰ পৰা অহা কেবা সহস্ৰাধিক ৰাইজে অংশ গ্ৰহণ কৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *