শেহতীয়া খবৰ
Home / আঞ্চলিক / ফেকামাৰীৰ আস্কাৰ আলী মুম্বাইত গৈ নিৰুদ্দেশ ,পৰিয়ালবৰ্গৰ হাহাকাৰ অৱস্থা

ফেকামাৰীৰ আস্কাৰ আলী মুম্বাইত গৈ নিৰুদ্দেশ ,পৰিয়ালবৰ্গৰ হাহাকাৰ অৱস্থা

হাটশিঙিমাৰীৰ পৰা খাইৰুজ্জামান ৰাছেলৰ ৰিপৰ্ট ,২১ ফেব্ৰুৱাৰীঃ

দঃশালমাৰা মানকাচৰ জিলাৰ দঃশালমাৰা থানাৰ অধীনস্থ ৰঘুপাৰা গাৱঁৰ ৫৫ বছৰীয়া আস্কৰ আলী মুম্বাইত গৈ নিৰুদ্দেশ হৈছে ৷ জানিব পৰা মতে, ব্যক্তিজন যোৱা ১৪ ফেব্ৰুৱাৰী ৰঘুপাৰা নিজ বাসগৃহৰ পৰা মুম্বাইলৈ গৈছিল তাত গৈ HS Hotel Shalimar Two , Ground Floor , 97, Zakaria Mosjid, Chaval Street. Opp. Hotel Fatima Place, Mombai – 400009 . Hotel phone No– 08828355186 ঠিকনাত ৰুম লৈ থাকিবলৈ লৈছিল কিন্তু কেনেবাকৈ এই ঠিকনাৰ পৰা নিৰুদ্দেশ হৈ যায় ৷ যদি কোনোবাই নিৰুদ্দেশ হোৱা মানুহ জনৰ সন্ধান পায় অনুগ্ৰহ কৰি তেখেতৰ পৰিয়ালৰ লগত যোগাযোগ কৰাবলৈ অনুৰোধ জনায় তেখেতৰ পুত্ৰ আব্দুল সহিদে ৷
যোগাযোগৰ ঠিকনা আব্দুল সহিদ, পিতাঃ আস্কাৰ আলী, গাওঁঃ ৰঘুপাৰা, ডাকঘৰঃ ফেকামাৰী, থানা ঃ দক্ষিণ শালমাৰা , জিলাঃ দঃশালমাৰা মানকাচৰ ( অসম), সূচক সংখ্যাঃ ৭৮৩১৩৫ , মোবাইল নং – ৮০১১৬৫৬১৮৫ , ৯৬৭৮০১৪৫৭৩ ৷

Leave a Reply

Your email address will not be published. Required fields are marked *