শেহতীয়া খবৰ
Home / আঞ্চলিক / “বিদ্যালয় এখন মন্দিৰ” সেই উদ্দেশ্য আগত ৰাখি একাংশ শিক্ষকে গ্ৰহণ কৰিলে প্ৰসংশনীয় পদক্ষেপ

“বিদ্যালয় এখন মন্দিৰ” সেই উদ্দেশ্য আগত ৰাখি একাংশ শিক্ষকে গ্ৰহণ কৰিলে প্ৰসংশনীয় পদক্ষেপ

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ প্ৰতিবেদন,২১ফেব্ৰুৱাৰী:

প্ৰাথমিক বিদ্যালয় , মাধ্যমিক বিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয়, চৰকাৰী বা বেচৰকাৰী দূৰ্নীতি মুক্ত হিচাপে বিদ্যালয়ক গঢ় দিয়াৰ প্ৰচেষ্টা বিৰল থকাৰ প্ৰমাণ কৰিলে নামনি অসমৰ ধুবুৰী জিলা ৰ বিলাসীপাৰা মহকুমা শিক্ষাখণ্ডৰ অন্তৰ্গত ১৯০২নং মাজপাৰা প্ৰাথমিক বিদ্যালয়ৰ সমূহ শিক্ষা গুৰু সকলে । সাংবাদিকৰ দল এটাই আকস্মিক ভাবে ১৯০২ নং মাজপাৰা প্ৰাথমিক বিদ্যালয়ত প্ৰবেশ কৰে পাঠদান সংক্ৰান্ত খবৰ লবলৈ । প্ৰাপ্ত বাতৰি মতে উক্ত বিদ্যালয় খনৰ প্ৰধান শিক্ষক ফিৰাজুল হকে নিজৰ কৰ্তব্যক সেৱাৰ মনোভাৱেৰে দিনে নিশাই প্ৰচেষ্টা চলাই আৰু সহকৰ্মী সকলৰ সহযোগত বিদ্যালয় খন আদৰ্শ বিদ্যালয় হিচাপে গঢ়ি তুলিবলৈ সক্ষম হৈছে । শিক্ষকৰ নিয়মীয়া উপস্থিতি থকা আৰু নিয়মানুবৰ্তীতা পালন কৰি আহিছে বাবেই সক্ষম হৈছে । ছাত্ৰ ছাত্ৰীৰ শৌচালয় আৰু শৌচাগাৰ আৰু খোৱা পানীৰ ব্যবস্থা অতি সুকীয়াকৈ কৰা পৰিলক্ষিত হৈছে । স্বচ্ছতা পূৰ্ণ পৰিবেশ গঢ়ি তোলাৰ লগতে গুণোৎসবত A+ মান্যতা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে । ছাত্ৰ ছাত্ৰী সকলক শিক্ষন সজুলি ব্যবহাৰ কৰি পাঠদান দিয়াত কম সময়ত আৰু সহজতে পাঠ্যক্ৰম বুজি পোৱাত অভিভাৱক সকলৰ দৃষ্টি আকৰ্ষণ কৰিছে । শিক্ষক সকল আৰু অভিভাৱক সকলে বিদ্যালয়ৰ উন্নতিৰ বাবে সহযোগ কৰা ঘটনা একাংশ শিক্ষা বিষয়াৰ পৰা সন্মান লাভ কৰা ঘটনা উল্লেখনীয় ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *