শেহতীয়া খবৰ
Home / আঞ্চলিক / বিলাসীপাৰা চহৰৰ নয়াপাৰাৰ মূল পথৰ আধাৰশিলা স্থাপন কৰিলে বিধায়ক অশোক কুমাৰ সিংহী দেৱ

বিলাসীপাৰা চহৰৰ নয়াপাৰাৰ মূল পথৰ আধাৰশিলা স্থাপন কৰিলে বিধায়ক অশোক কুমাৰ সিংহী দেৱ


বিলাসীপাৰা ২১ জানুৱাৰী:- ধুবুৰী জিলাৰ বিলাসীপাৰা চহৰৰ নয়াপাৰা গাঁৱৰ মূল পথৰ আধাৰশিলা স্থাপন কৰিলে পূব সমষ্টিৰ বিধায়ক মাননীয় অশোক কুমাৰ সিংহী দেৱে। উক্ত কাৰ্য্যক্ৰমক লক্ষ্য কৰি অনুষ্ঠিত হয় এক সভা। সভাত উপস্থিত থাকে বিলাসীপাৰা মহকুমাৰ মহকুমাধিপতি ৰোহন কুমাৰ ঝা , বিধায়ক অশোক কুমাৰ সিংহী আৰু পশ্চিম অসম মন্ডল , ধুবুৰী গ্ৰাম্য পথ সংমন্ডল গড় কাপ্তানি বিভাগৰ অধীক্ষক অভিযন্তা শ্ৰী যুত নিপ কুমাৰ শৰ্মা। বিলাসীপাৰা পৌৰ নিগমৰ পৌৰ পতি দীপ শৰ্মা প্ৰমুখ্যে বিভিন্ন গন্য-মান্য ব্যক্তি সকল। সভাত বিধায়ক অশোক কুমাৰ সিংহী দেৱে নিজৰ ভাষানত কয় যে বিলাসীপাৰা চহৰ খনক মডেল চহৰ হিচাপে বনোৱাৰ সপোন আগৰে পৰাই তেখেতৰ আছিল তেখেতে চহৰ খনৰ বিভিন্ন ৰাস্তা পকি কৰাৰ লগতেবিলাসীপাৰা অসামৰিক চিকিৎসালয় খনক আদৰ্শ চিকিৎসালয় বনোৱাৰ বাবে আপ্ৰান চেষ্টা চলাই আছে। উক্ত কাৰ্যক্ৰমত গোৱালপৰীয়া নৃত্য আৰু গীত পৰিৱেশন কৰি পৰিবেশক জকমকীয়া কৰি তোলে। সভাৰ শেষত মিঠাই বিতৰণ কৰি অনুষ্ঠানৰ অন্ত পৰে ।

 

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ প্ৰতিবেদন।

Leave a Reply

Your email address will not be published. Required fields are marked *