শেহতীয়া খবৰ
Home / আঞ্চলিক / হোজাইত ২৪ ঘণ্টাৰ বাবে পথবন্ধ কৰিব লামডিং ৰেল ডিভিজনে

হোজাইত ২৪ ঘণ্টাৰ বাবে পথবন্ধ কৰিব লামডিং ৰেল ডিভিজনে

হোজাইত ২৪ ঘণ্টাৰ বাবে পথবন্ধ কৰিব লামডিং ৰেল ডিভিজনে।

উত্তৰ পূব সীমান্ত ৰেলৰ লামডিং ডিভিজনৰ অভিযন্তা শাখাই শনিবাৰে নিশা ৯ বজাৰ পৰা ৰবিবাৰৰ নিশা ন বজালৈকে হোজাই আৰু পশ্চিম কাৰ্বিআংলং জিলা সংযোগী পথ বন্ধ ৰখাৰ চিন্তা চৰ্চাৰে ৰেল বিভাগে হোজাই প্ৰশাসনলৈ এখন পত্ৰ প্ৰেৰণ কৰে । ৰেল বিভাগে পত্ৰ খনত জনোৱা মতে, ৰেল বিভাগৰ দ্বৈত ৰেল পথৰ কাম চলি থকাৰ বাবে কাইলৈ অৰ্থাৎ ১৯ জানুৱাৰী শনিবাৰ নিশা ৯ বজাৰ পৰা ২০ জানুৱাৰী দেওবাৰ নিশা ৯ বজালৈকে হোজাইৰ পুৰণা বজাৰ আৰু নতুন বজাৰ সংযোগী পথৰ মাজত থকা এক নং ৰেল গেট খন বন্ধ কৰি দ্বৈত ৰেলপথ নিৰ্মাণৰ কাম কৰাৰ পৰিকল্পনা কৰিছে এই সময় চোৱাত এই পথেৰে চলাচল কৰে সমূহ যান বাহন হোজাই নতুন বজাৰৰ দিশৰ পৰা শিৱবাৰী হৈ গোবিন্দ আশ্ৰমৰ দুই নং ৰেল গেটৰে পুৰণা বজাৰলৈ যাতায়তৰ ব্যৱস্থা কৰিছে । হোজাই আৰক্ষীৰ যান বাহন শাখাই নতুন বজাৰ পাঁচ আলী আৰু কবৰস্থানৰ সমীপৰ চাৰিঅালীৰ পৰা যান বাহন সমূহ নিয়ন্ত্ৰণ কৰিব বুলি জানিব দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *