শেহতীয়া খবৰ
Home / আঞ্চলিক / ৰুহিংগিয়া বিষয়ত চিঠি লিখা দাৰুল উলুমক তনজিম মাদাৰিছৰ শ্ব’কজ

ৰুহিংগিয়া বিষয়ত চিঠি লিখা দাৰুল উলুমক তনজিম মাদাৰিছৰ শ্ব’কজ

Axom Live.নীলবাগান, 15 ফেব্ৰুৱাৰী: ম্যানমাৰৰ পৰা মৰিগাঁও জিলাৰ মৈৰাবাৰীলৈ অহা ৰুহিংগিয়া মুছলমানৰ এটি দলক সাহায্য আগবঢ়াবলৈ ‘জামিয়া ইছলামিয়া দাৰুল উলুম মৈৰাবাৰী’ মাদ্ৰাছাৰ পেডত লিখা এখন চিঠিয়ে প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ পিছত উক্ত মাদ্ৰাছাখনলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে বেচৰকাৰী মাদ্ৰাছা সমূহৰ সংগঠন তনজিম মাদাৰিছে কৌমীয়াই৷ সংগঠনটোৰ সাধাৰণ সম্পাদক মৌলানা আব্দুল কাদিৰ কাছিমীয়ে আজি দাৰুল উলুমৰ অধ্যক্ষলৈ প্ৰেৰণ কৰা শ্ব’কজ পত্ৰখনত সঁচাকৈ উক্ত চিঠিখন জামিয়া ইছলামিয়া দাৰুল উলুম মৈৰাবাৰীৰ পৰা জাৰি কৰা হৈছে নেকি, সেই প্ৰশ্নৰ উত্তৰ বিচৰাৰ লগতে ৰুহিংগিয়াসকল পত্ৰত উল্লেখ কৰা ধৰণে চৰকাৰৰ অনুমতি সাপেক্ষে হায়দৰাবাদত আছে বুলি লিখাৰ সমৰ্থনত কি তথ্য-প্ৰমান আছে বুলি সোধা হৈছে৷ সদৌ শেষত চিঠিখনত তনজিম মাদাৰিছৰ অনুমতি অবিহনে অকৰ্তৃত্বশীলভাৱে বহিৰ্ৰাষ্টৰ নাগৰিকৰ সহায়ৰ বাবে পত্ৰ লিখাৰ বাবে কিয় ব্যৱস্থা গ্ৰহণ কৰা নহ’ব তাৰ সদুত্তৰ দহ দিনৰ ভিতৰত জনাবলৈ সময় বান্ধি দিয়া হৈছে৷
যি সময়ত জাতি-ধৰ্ম নিৰ্বশেষে বিদেশী নাগৰিকৰ বিৰুদ্ধে ৰাজ্যজুৰি জনমত গঠন হৈছে তেনে সময়তে ম্যানমাৰৰ ৰুহিংগিয়াৰ সহায়ৰ বাবে চিঠি লিখা মৈৰাবাৰীৰ মাদ্ৰাছাখনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ এক আদৰণীয় পদক্ষেপ ৰূপে গণ্য হৈছে৷ আশা কৰা হৈছে যে উপযুক্ত কাৰণ প্ৰদৰ্শনত ব্যৰ্থ হ’লে মাদ্ৰাছাখনৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিব তনজিমে৷

Leave a Reply

Your email address will not be published. Required fields are marked *